My Swing - Axomiya (Assamese)

by Vidya Nahar

Cover

Loading...
মোৰ ঝুলনা
Loading...
Loading...
লেখিকা, নক্সা, প্ৰতিৰূপ: বিদ্যা নাহৰ
ছবি: নিৰালী নাহৰ
অনুবাদ আৰু কথন: নীলাক্ষী ফুকন
এইখন মোৰ ঝুলনা ৷
মই মোৰ ঝুলনাখন বৰ ভাল পাওঁ ৷
কেতিয়াবা মই মোৰ ঝুলনাত বহি ঝুলোঁ,
আৰু কেতিয়াবা থিয় হৈ ঝুলোঁ ৷
কেতিয়াবা কেতিয়াবা আকৌ ওলোটা হৈ মই
মোৰ ঝুলনাত ওলমি থাকোঁ,
আৰু কেতিয়াবা এই ঝুলনাৰ সহায়লৈ মই যোগাসনৰ অভ্যাস কৰোঁ ৷
কেতিয়াবা মোৰ এই ঝুলনাত আঁউজি মই আৰাম কৰোঁ,
আকৌ কেতিয়াবা ইয়াত বহি মই কিতাপ পঢ়োঁ ৷
PrevNext